November 6, 2025 6:50 PM

views 37

মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যপাললৈ দিয়া এখন পত্রত শ্রীমহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পর্কীয় আপিল আবেদন তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰে। পত্ৰখনত তেওঁ ভাতৃ শ্যামকানু মহন্তৰ নাম প্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙোৰ খাইছে আৰু এইক্ষেত্ৰত আৰ টি আই আবেদন দাখিলৰ বিষয়ে তেওঁ জানিব পাৰিছে। তথ্য আয়োগৰ মুৰববী হিচাপে এনে আবেদনৰ আপিল সন্দৰ্ভত কোনো ৰ...

November 6, 2025 2:52 PM

views 50

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

■ অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যখনৰ ৰাজ্যপাললৈ লিখা এখন পত্ৰত মহন্তই সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰ টি আই আবেদন দাখিল কৰা আৰু এই সম্পৰ্কত আপীল তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ২০২৩ চনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ গ্ৰহণ কৰিছিল।