November 15, 2025 12:26 PM

views 74

স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে৷ জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অৰ্থে চৰকাৰে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এয়া জনজাতীয় গৌৰৱ সপ্তাহলৈ পৰিৱৰ্তিত হৈছে আৰু দেশৰ কোনে কোনে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বীৰছা মুণ্ডাৰ জীৱন আৰু কাৰ্যক জীয়াই ৰখাৰ প্ৰয়াস গ্ৰহণ কৰিছে। চৰকাৰে জনজাতীয় স্বাধীনতা ...