September 20, 2026 8:47 PM

views 15

জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত  কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ আলোচনা

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। তেওঁ লগতে চৰকাৰে অঞ্চলটোৰ কৃষি অর্থনীতি শক্তিশালী কৰাৰ দিশত কাম কৰি যাব বুলিও উল্লেখ কৰে।