May 17, 2025 8:50 PM

views 28

সামাজিক মাধ্যমত পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত কলগাচিয়াৰ যুৱকক গ্ৰেপ্তাৰ

সামাজিক মাধ্যমত পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে আজি কলগাচিয়াৰ এজন যুৱকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ নাম আজাদ ইমৰান হুছেইন। বৰপেটা আৰক্ষীয়ে জনোৱা মতে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ সহযোগত নটবমাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ মতে যুৱকজনে সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ বুলি লিখিছিল। উল্লেখযোগ্য যে পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত বৰপেটা জিলাৰ পৰা কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।