October 24, 2026 6:41 PM
5
বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বি-বার্ষিক কেন্দ্রীয় কার্যনির্বাহক সভা
সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বি-বার্ষিক কেন্দ্রীয় কার্যনির্বাহক সভাখন আজি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনি পুনৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰা হয়। সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয়।