June 15, 2024 6:39 PM

views 42

বৰপেটা জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত

কালি সন্ধিয়াৰ পৰা অব্যাহত থকা বৰষুণৰ ফলত বৰপেটা জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। সমান্তৰালভাৱে জিলাখনৰ নৈ-উপনৈ সমূহৰো জলস্তৰ বৃদ্ধি পাইছে। হাউলী পৌৰসভা অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্থানীয় লোকসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বানৰ বাবে হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত হৈছে। শিক্ষানুষ্ঠানখনৰ শ্ৰেণীকোঠা, কাৰ্যালয় কক্ষ বানত বুৰ যোৱাৰ ফলত পাঠদান স্তব্ধ হৈ পৰে। জিলাখনৰ চাউলখোৱা আৰু নখন্দা নদীৰ জলস্তৰ বৃদ্ধি হোৱাত স্থানীয় লোক শংকিত হৈ পৰিছে।