June 11, 2025 11:44 AM

views 31

বৰপেটাৰ কান্দাপাৰাত অগ্নিকাণ্ড; ৬গৰাকী লোক গুৰুতৰভাৱে আহত

বৰপেটা জিলাৰ কান্দাপাৰা গাঁৱত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত ৬গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। গাঁওখনৰ আফজল ৰহমান নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এটা চিলিণ্ডাৰো বিস্ফোৰণ হয়। বিদ্যুতৰ বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আহত ব্যক্তিসকলক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হৈছে।