July 27, 2024 12:03 PM

views 47

বৰপেটা জিলাত ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত, ১২জন লোকক আটক

বৰপেটা জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযানকালত কেইবাখনো আৰক্ষী থানাৰ অধীনৰ বিভিন্ন অঞ্চলৰ পৰা কালি ১২ জন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰি কৰা অনুসৰি অভিযুক্তসকল হেৰ'ইন সৰবৰাহৰ লগত বিশেষভাৱে জড়িত। ধৃত লোকসকলৰ বিৰুদ্ধে বৰপেটা, কলগাছিয়া, সৰভোগ, কয়াকুচি আদি থানাত মুঠ ৯টা গোচৰ ৰুজু কৰা হৈছে।