October 29, 2024 12:22 PM

views 50

দীপাৱলীৰ বাবে বৰপেটা শিল্পীৰ নানা তৰহৰ আতচবাজি প্ৰস্তুত

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ আতচবাজি প্ৰস্তুতকাৰী শিল্পীসকলৰ মাজত কৰ্মব্যস্ততা বৃদ্ধি হোৱা দেখা পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাৰ শিল্পীসকলে থলুৱাভাৱে প্ৰস্তুত কৰা নানা তৰহৰ আতচবাজি ৰাইজৰ হাতত তুলি দিবলৈ সাজু কৰি তুলিছে। বহিঃৰাজ্যৰ আতচবাজিৰ প্ৰতিযোগিতামূলক বজাৰৰ মাজতো বৰপেটাৰ থলুৱা উদ্যোগটোৱে মৌলিক বৈশিষ্ট্যৰ বাবে বজাৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে।