May 21, 2025 7:19 PM

views 31

ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ চলিত বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে

ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মোস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হার্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বানু মোস্তাক এই বঁটা লাভ কৰা প্ৰথমগৰাকীৰ কন্নড় সাহিত্যিক হিচাপে পৰিগণিত হৈছে। কালি লণ্ডনত আয়োজিত অনুষ্ঠানত এই বঁটা প্রদান কৰা হয়। ১২টা গল্পৰ সংকলনখনত গল্পকাৰগৰাকীয়ে বিগত ৩০ বছৰত ৰচনা ক...