February 8, 2025 12:45 PM

views 20

বৈধ নথি অবিহনে দেশত বাস কৰা ৭ জন বাংলাদেশী নাগৰিকক মুম্বাইৰ পৰা আটক

বৈধ নথি অবিহনে দেশত বাস কৰি থকা ৪ গৰাকী মহিলাসহ ৭ জন বাংলাদেশী নাগৰিকক মুম্বাইৰ পৰা আটক কৰা হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে বিগত প্রায় ৫ বছৰ ধৰি চেম্বুৰৰ মেহুলত বাস কৰি আছিল। আৰক্ষীৰ জেৰাত লোককেইজনে নিজকে বাংলাদেশৰ নাগৰিক বুলি চিনাকী দিয়াৰ লগতে ২০২০ চনৰ মাৰ্চৰ পৰা তেওঁলোকে কোনোধৰণৰ বৈধ নথিপত্ৰ অবিহনে ভাৰতত বাস কৰি থকাৰ কথা স্বীকাৰ কৰিছে।