June 14, 2026 7:44 PM

views 8

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত বিগত প্রায় ১৪ ঘণ্টা ধৰি ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত দুগৰাকী মহিলা আৰু দুটি শিশু আছে বুলি আকাশবাণীৰ মানকাচৰৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিক কেইজন যোৱা ১০ জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষীৰ ওচৰত ধৰা পৰে। ইয়াৰ পাছতে আজি পুৱতি নিশা মানকাচৰৰ সাহাপাৰা বি এছ এফ শিবিৰৰ এলেকাৰে ৩ জন আৰু ঝালোৰৰ্চৰ সীমান্তৰে ৬ জন বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হয়। এই সন্দৰ্ভত দিনৰ ১১ বজাত বি এছ এফ আৰু বি জি বিৰ ...