August 9, 2024 11:43 AM

views 19

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ অশান্ত পৰিস্থিতি আৰু ভাৰতৰ সীমা সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত-বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰি কয় যে, কেৱল পাছপ'ৰ্ট থকা শিক্ষার্থীয়েহে বাংলাদেশৰ পৰা ভাৰতলৈ আহিব পাৰিব। পাছপ'র্ট অবিহনে কোনো লোককে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ইপিনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি স...