September 26, 2025 12:05 PM

views 70

এছিয়া কাপ টি-২০ ক্রিকেটত বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত পাকিস্তানৰ

■ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত ছুপাৰ ফৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে বাংলাদেশক ১১ ৰানত হৰুৱাই ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদত অহা দেওবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তান ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, সপ্তদশবাৰৰ বাবে অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ'ব। কালি পাকিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ মহম্মদ হেৰিছে ৩১ ...

December 9, 2024 2:22 PM

views 72

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। ঢাকাত উপস্থিত হোৱাৰ লগে লগে মিশ্ৰীক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া মণ্ডলৰ সঞ্চালক প্রধান ইশ্ৰত জাহানে আদৰণি জনায়। বাংলাদেশৰ ভাৰতীয...

August 17, 2024 6:06 PM

views 54

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাৰ শপতগ্ৰহণ

বাংলাদেশত কালি অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাই শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ঢাকাৰ বংগ ভৱনৰ দৰবাৰ হলত তেওঁলোকক শপতবাক্য পাঠ কৰোৱায়। অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনিছৰ লগতে অন্যান্য উপদেষ্টাৰ উপস্থিতিত নতুন উপদেষ্টাসকলে শপতগ্রহণ কৰে ৷ এই উপলক্ষে তিনিওখন সেৱাৰ মুৰববী সকলো উপস্থিত থাকে। বাংলাদেশ সংবাদ সংস্থাৰ মতে শপতগ্ৰহণ কৰা উপদেষ্টাসকল হ'ল অর্থনীতিবিদ ৱাহিদুদ্দিন মাহমুদ, প্রাক্তন সম্পাদক মহম্মদ ফাউজুল কবিৰ খান, প্রাক্তন কেবিনেট সম্পাদক আলী ইমান ম...