December 24, 2025 11:03 AM

views 59

পাকিস্তানত থকা বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালৰ প্ৰতিবাদ সাব্যস্ত

পাকিস্তানে একেটা পৰিয়ালৰ চাৰিজন সদস্যক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ বিৰুদ্ধে কালি বেলুচিস্তানৰ কেচ্ জিলাত কেইবাটাও বেলুচ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ অধিকাৰ সংস্থা বেল'চ ইয়াকজেহতি কমিটীৰ মতে, ভুক্তভোগী দুগৰাকী মহিলা আৰু দুজন পুৰুষক পাকিস্তানী সংস্থাই বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰিছে। কেচ্চৰ- তেজবান গাঁৱৰ ৰাজপথত আপোনজনক নিৰাপদে ঘূৰাই অনাৰ দাবীত তেওঁলোকৰ পৰিয়ালে ৰাজপথলৈ ওলাই অহা বুলি সংস্থাটোৱে উল্লেখ কৰিছে। তেওঁলোকৰ শান্তিপূর্ণ প্রতিবাদক আওকাণ কৰা হৈছে আৰু নিৰুদ্দেশ হোৱা পৰিয়ালৰ সদস্যকেইজন...