October 17, 2024 10:52 AM

views 58

দেশৰ বিভিন্ন প্ৰান্তত মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী ‘বাল্মিকী জয়ন্তী’ উদযাপন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰামায়ণৰ ৰচক মহর্ষি বাল্মিকীৰ জন্ম বার্ষিকী 'বাল্মিকী জয়ন্তী' হিচাপে উদযাপন কৰা হৈছে। মহর্ষি বাল্মিকীক ‘আদি কবি' বা সংস্কৃত ভাষাৰ প্ৰথম কবি হিচাপে জনা যায়। বাল্মিকী পন্থাৰ সদস্যসকলে তেওঁক ঈশ্বৰৰ দূত হিচাপে শ্ৰদ্ধা কৰি অতি ভক্তিৰে 'পৰ্গত দিৱস' পালন কৰে। এই উপলক্ষে 'চোভা যাত্ৰা' নামৰ শোভাযাত্রাও উলিওৱা হয়।