July 11, 2025 8:41 PM

views 26

অহা ১৪ জুলাইত Axiom-4 ৰ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্ছে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে বিচ্ছিন্ন হোৱাৰ কেইঘণ্টামান পাছত যানখনে প্রশান্ত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।