June 14, 2026 12:12 PM

views 17

কামৰূপ মহানগৰ জিলা অভিভাৱক মন্ত্রী অতুল বৰাই জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম-কাজৰ পর্যালোচনা কৰে

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী তথা কামৰূপ মহানগৰ জিলা অভিভাৱক মন্ত্রী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম-কাজ পর্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও তেওঁ বিষয়াসকলক আহ্বান জনায়।