July 22, 2026 10:40 AM

views 13

পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাৰ বোকাখাতৰ অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন

পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাখাতৰ বাদুলীপাৰৰ জগন্নাথ সামুহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীর্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্রকাশ কৰিছে।