June 17, 2026 10:16 PM

views 15

অৰুণাচলৰ ইটানগৰত উপ মুখ্যমন্ত্রী চাওনা মেইনৰ সৈতে মন্ত্ৰী অতুল বৰাসহ এটা প্ৰতিনিধি দলৰ বৈঠক

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্রী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বার্থ জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। এই বৈঠকৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ভাতৃত্ববোধ তথা সহযোগিতা প্ৰতিফলিত হোৱা বুলি মন্ত্ৰী অতুল বৰাই মতপ্রকাশ কৰে ।