June 16, 2026 7:48 PM
9
ৰাজ্যত শীঘ্রে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তর্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ’ব : মন্ত্রী অশ্বিনী ৰয় সৰকাৰ
ৰাজ্যত শীঘ্রে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তর্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্রেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্রী অশ্বিনী ৰয় সৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত ৭টা জনগোষ্ঠীক অন্তৰ্ভূক্ত কৰা হৈছে। ১১ টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ বাবে বিবেচনাধীন হৈ আছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্রাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।