July 7, 2026 12:06 PM

views 5

সদৌ অসম ছাত্ৰ সন্থাৰ কার্যনির্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

সদৌ অসম ছাত্ৰ সন্থাৰ কালি অনুষ্ঠিত কার্যনির্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে আৰু অহা ৮ আগষ্টত ছাত্ৰ সংগঠনটোৰ সংবিধান গৃহীত হোৱা দিনটোৰ ৬০ বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্রথম মৃত্যু বার্ষিকীত সন্থাৰ তৰফৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।