November 28, 2025 8:07 PM

views 67

অসম বিধানসভাত চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক গৃহীত

অসম বিধানসভাত আজি চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ ঊৰ্ধ্ৱসীমা নির্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত তিনি লাখ ৩৩ হাজাৰৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে ভূমি অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাপ শ্রমিকসকলক অন্তর্ভুক্ত কৰা হোৱা নাই । এই সংশোধনী বিধেয়কে অন্য কৃষি কাৰ্যত জড়িত চাহ বাগিচাৰ অন্তৰ্গত শ্রমিক শ্রেণীসমূহক অন্তর্ভুক্...