May 14, 2025 11:16 AM

views 35

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰ পৰা দৰ্পন অনলাইন নামভর্তি প’র্টেল মুকলি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছ)ৰ অধীনৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰ পৰা দৰ্পন অনলাইন নামভর্তি প’র্টেল মুকলি কৰিছে। সেই অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে আজিৰে পৰা ২০ মে' পর্যন্ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে ২৩ মে'ৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তি সম্পৰ্কীয় তথ্যৰ বাবে ছাত্র-ছাত্রীসকলে বিভাগীয় ৱেৱছাইট www.ahsec.assam.gov.in...