September 27, 2026 8:26 PM
11
নল গাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্রধানমন্ত্রীয়ে মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
বিশ্বত বিলুপ্তপ্রায় নল গাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্রহণ কৰা পদক্ষেপ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত লাভ কৰা ইতিবাচক পৰিৱৰ্তন দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী আৰু পাণবাৰী সংমণ্ডলত ভালেসংখ্যক নল গাহৰি প্ৰত্যক্ষ কৰা হ...