December 22, 2024 11:37 AM

views 62

অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি বিশিষ্ট সাংবাদিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ মন্তব্য

বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমী বঁটাপ্রাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু সম্প্ৰসাৰণৰ বাবে অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পাঠ্যক্ৰম সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। শিৱসাগৰৰ নিতাইপুখুৰীৰ ৰনুৱাবালিত মাহেকীয়া আলোচনী স্বদেশ পটভূমিৰ উদ্যোগত কালি আয়োজিত মেজমেল শীর্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত মাত্ৰাধিক উল্লাসিত নহৈ নতুন প্ৰজন্মৰ মাজত ভাষাটোক জনপ্ৰিয় কৰাৰ অৰ্থে কম্পিউটাৰ-মোবা...

November 5, 2024 10:45 AM

views 61

ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িলঃ অতুল বৰা

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত কালি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে ...

October 13, 2024 5:55 PM

views 58

৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কৰ্মৰ প্ৰতি শ্ৰদ...

October 6, 2024 12:10 PM

views 61

অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাই ভাষাটোৰ প্ৰচাৰ, সংৰক্ষণ আৰু গৱেষণাৰ পথ মুকলি কৰিব বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ মন্তব্য

 বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২০১৯ চনত শিক্ষা মন্ত্ৰী হৈ থাকোতেই অসমীয়া ভাষাৰ ধ্ৰুপদী মর্যাদাৰ বাবে প্ৰচেষ্টা চলাইছিল। অসম প্ৰকাশন পৰিষদৰ সৈতে বৈঠকত মিলিত হৈ তদানীন্তন শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সেই সময়তে বিষয়টো সন্দৰ্ভত চৰকাৰৰ সদিচ্ছা প্রকাশ কৰিছিল। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰিছে। শ্রী কলিতাই কয় যে, ২০১৪ চনত ধ্রুপদী মর্যাদা পোৱা উড়িয়া ভাষা এইক্ষেত্ৰত অসমৰ বাবে পথ প্ৰদৰ্শক হিচাপে পৰিগণিত ...

October 5, 2024 12:59 PM

views 78

দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলৰ প্ৰশংসা

কেন্দ্ৰীয় কেবিনেটে দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলে প্ৰশংসা কৰিছে। কেন্দ্ৰীয় কেবিনেটে যোৱা বৃহস্পতিবাৰে অসমীয়া, বঙালী, মাৰাঠী, পালি আৰু প্রাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই মর্যাদাই ভাষাসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা লাভ কৰিব। এই সন্দৰ্ভত আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ক'লকাতা বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ অধ্যাপক উজ্জ্বল কুমাৰে কয় যে এই ভাষাসমূহৰ সাংস্কৃতিক ঐতিহ্য আছে আৰু কেব...

October 4, 2024 11:29 AM

views 68

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্রাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ'ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ ক...

October 4, 2024 10:43 AM

views 106

অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ'ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ...