January 22, 2026 12:33 PM

views 60

শ্রীভূমি জিলাৰ আয়ুক্তৰ ঘোষণা: ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে

শ্রীভূমি জিলাৰ আয়ুক্তই ১৯৫০ চনৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ভোটদাতা পঞ্জীয়ন নিয়মাৱলী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। সত্যাসত্য নিৰূপণ আৰু সংশ্লিষ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হোৱা নাই বা সালসলনিও কৰা হোৱা নাই । জিলা আয়ুক্তই লগতে দাবী আৰু ওজৰ-আপত্তিৰ সত্যাসত্য নিৰূপণ আৰু সেই সন্দৰ্ভত প্রতিবেদন দাখিল কৰাটো বুথ পৰ্যায়ৰ বিষয়াসকলৰ মূল দায়িত্ব আৰু বু...

December 6, 2025 7:57 PM

views 65

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্রীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পর্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল...

November 23, 2025 11:11 AM

views 154

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ

ৰাজ্যত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাৰ থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনে লোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো...

November 18, 2025 1:15 PM

views 134

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। ২২ নৱেম্বৰৰ পৰা বি এল অ' সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি- পত্ৰসমূহ পৰীক্ষা কৰিব। ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভ...

January 6, 2025 7:20 PM

views 56

ৰাজ্যৰ কেইবাখনো জিলাত সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ

ৰাজ্যৰ কেইবাখনো জিলাত আজি সংশ্লিষ্ট কর্তৃপক্ষই সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটদাতাৰ তালিকা প্রকাশ কৰা হয়। এই উপলক্ষে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্তই সদৰি কৰা অনুসৰি বৰপেটা, চেঙা, মন্দিয়া আৰু পাকা বেতবাৰীৰ মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৫৬ হাজাৰ ১০৮ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা ৪ লাখ ৯২ হাজাৰ ৪৪ জন, মহিলা ভোটদাতা ৪ লাখ ৬৪ হাজাৰ ৪৫ গৰাকী আৰু তৃতীয় লিংগৰ ভ...