February 15, 2025 11:44 AM

views 31

অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ-দিখৌমুখ শাখাৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস আৰু অসম বিজ্ঞান দিৱস পালন

অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ-দিখৌমুখ শাখাৰ উদ্যোগত কালি শাখাৰ মুখ্য কাৰ্যালয়ত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস আৰু অসম বিজ্ঞান দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰণীয় শীৰ্ষক বিজ্ঞান দিৱসৰ মূল বিষয়ক লৈ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰসায়নবিদ পল্লব কলিতাই বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে অসম বিজ্ঞান সমিতিৰ সমাগত ঢকুৱাখনা অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷