September 21, 2024 9:22 PM

views 35

ৰাজ্যত চৰকাৰে ৪ হাজাৰ বিদ্যালয় পুনৰ নিৰ্মাণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰে ৰাজ্যখনত ৪ হাজাৰ বিদ্যালয় পুনৰ নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৫০০ খন বিদ্যালয়ৰ অহা বছৰৰ আৰম্ভণিতে নির্মাণ সম্পূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৃথিৱীখনত খাপ খাব পৰাকৈ অসমৰ ভৱিষ্যত প্ৰজন্মক দক্ষতা আৰু কৌশলেৰে সাজু কৰি তুলিবলৈ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলি শ্ৰী শৰ্মাই মন্তব্য কৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বেজেৰাত নির্মীয়মাণ ৪ হাজাৰ বিদ্যালয়ৰ মাজৰ এখনৰ নিৰ্মাণ অগ্ৰগতিৰ পৰিদৰ্শন কৰে।