November 23, 2025 6:53 PM

views 89

অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয়, যে অসম চৰকাৰে বিদ্যালয় শিক্ষা পৰিষদ আৰু অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি সত্ৰীয়া নৃত্য, বৰগীত আৰু গায়ন-বায়নকে ধৰি সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন বিষয়সমূহ পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা ঐচ্ছ্যিক বিষয় হিচাপে প্ৰৱৰ্তন কৰিব।