February 16, 2025 6:48 PM

views 57

বাক্সা জিলাৰ আনন্দ বজাৰত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

বাক্সা জিলাৰ আনন্দ বজাৰত থকা শংকৰদেৱ শিশু নিকেতনত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্রজ্বলন, শ্বহীদ তর্পণ, গছপুলি ৰোপণ, নাম-কীৰ্তনকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ ভাগত মৰিগাওঁৰ শ্ৰীশ্ৰীলাইআটি সত্ৰৰ সত্ৰাধিকাৰ ড° সুনীল কুমাৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত বিধায়ক ফণীধৰ তালুকদাৰে সত্ৰখনৰ চৌহদৰ পকী বেৰ নিৰ্মাণৰ বাবে সাহায্য আগবঢ়োৱা হৈছে বুলি...