November 9, 2024 11:11 AM

views 47

ৰাজ্যত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি; নলবাৰীৰ হৰি মন্দিৰত ১৫-২৭ নৱেম্বৰলৈ ৯১সংখ্যক ৰাস মহোৎসৱ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে প্ৰস্তুতি অব্যাহত আছে। ৰাসক কেন্দ্ৰ কৰি ভিন ভিন গাঁৱত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। নলবাৰীতো বিভিন্ন স্থানত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণত অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ হ'বলগীয়া ৯১ সংখ্যক ৰাস মহোৎসৱৰ বাবে পূর্ণ প্রস্তুতি চলিছে। দর্শনার্থীসকলক আকৰ্ষণ কৰাৰ বাবে এইবাৰ মৃণ্ময় মূৰ্তি সুন্দৰভাৱে সজাই-পৰাই তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। যোৱা বছৰৰ দৰে এইবাৰো হৰিমন্দিৰ ৰাস মহোৎসৱত জীৱন্ত আৰু পুতলা ৰাস অনুষ্ঠিত হ'ব। ৰাস মহোৎস...