April 19, 2025 7:59 PM

views 85

ৰঙালী বিহুৰ ষষ্ঠ দিনটো বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন

ৰঙালী বিহুৰ ষষ্ঠ দিনটো আজি বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। গোৱালপাৰা জিলাতো আজি এই বিহুৰ কাৰ্যসূচী লোৱা হৈছে। ইপিনে জিলাখনৰ বৰদামাল আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আজিৰ পৰা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খেল লেৱা টনা প্রতিযোগিতা অনুষ্ঠিত হয়। ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত ব'হাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে বাঁহ গোঁসাই, পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে কালিৰে পৰা তিনিদিনীয়াক...