August 8, 2026 12:57 PM

views 27

APL-ত বৰাক লেজেঞ্চৰ চৰাইদেউ ছানৰাইজাৰ্ছক ৮ উইকেটত পৰাস্ত

গুৱাহাটীৰ অসম ক্রিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত APL-ত কালি বৰাক লেজেঞ্চে চৰাইদেউ ছানৰাইজাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। বৰাকে ১২৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অ'ভাৰ চাৰিটা বলত দুটা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে, চৰাইদেউ ছানৰাইজাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৪ ৰান সংগ্ৰহ কৰে। প্রতিযোগিতাৰ আন এখন খেলত কালি বৰপেটা ব্রেভছে নগাঁও বেঞ্জাৰ্ছক ৭০ ৰানত পৰাস্ত কৰে।