May 28, 2025 12:09 PM

views 32

গুৱাহাটীৰ বিভিন্ন ডেম্পত আৰক্ষীৰ অভিযান; প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি সামগ্ৰী উদ্ধাৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাঁহ-পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজাৰ সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্রী আদিও আছে। চানমাৰিৰ উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে কালি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নুৰ আলম নামৰ ডেম্পৰ গৰাকীজনক...