April 12, 2025 8:37 PM

views 44

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে হনুমান জয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি-নীতিৰে হনুমান জয়ন্তী পালন কৰা হয়। এই উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। চহৰখনৰ প্ৰসিদ্ধ হনুমান মন্দিৰ প্ৰাংগনত আজি এই উপলক্ষে মহাযজ্ঞ, হনুমান অভিষেক আৰু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শিলচৰত আজি হনুমান জয়ন্তী উপলক্ষে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। এই উপলক্ষে হোমযজ্ঞ, পূজা অৰ্চনা আৰু মংগল আৰতি কৰা হয়। হনুমানৰ আৰাধানাৰ বাবে আজি বহু লোকৰ সমাগম হয়। হোজাইৰ হনুমান মন্দিৰতো আজি হনুমান জয়ন্তী উপলক্ষে বহু লোকে পূজা অৰ্চনাত অংশ লয...