May 3, 2025 6:46 PM

views 19

পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল মদিনালৈ ৰাওনা

পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল আজি মদিনালৈ ৰাওনা হৈছে। আজি পুৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত আয়োজিত এটা অনুষ্ঠানত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে পতাকা জোকাৰি হজ যাত্ৰাৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে, ৩২১ জনীয়া দলটোৰ দুগৰাকী বিশেষ অসুবিধাৰ বাবে এই যাত্ৰাৰ পৰা বিৰত থাকে। অধ্যক্ষ নেকিবুৰ জামানে জনাই যে, আজিৰ পৰা ৮ মে'লৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ দুহেজাৰ ৭৮২ গৰাকী হজ যাত্ৰী মক্...