February 4, 2025 1:02 PM

views 26

ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত আজি তৃতীয় পৰ্যায়ত গুণোৎসৱ আৰম্ভ

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱ ২০২৫ৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাচাৰ, ডিমা হাছাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰীত অহা ৭ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। তদুপৰি কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ সম্পন্ন হ'ব। আজি স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব। মুঠ ৪ হাজাৰ ৯৬৭ গৰাকী বহিঃমূল্যায়কে ১১ লাখ ৩৮ হাজাৰ ২৭৫ গৰাকী শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰিব।