October 3, 2026 9:16 PM

views 17

জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰা হৈছে

সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইকথা সদৰি কৰে। তেওঁ কয়, যে বিগত সময়ত এনে তথ্যৰ ভিত্তিত জি এছ টিত ফাঁকি দিয়া ভালেসংখ্যক লোকক ধৰা পেলোৱা হৈছে। ভুৱা আই টি চি ব্যৱহাৰ কৰা ভালেসংখ্যক লোককো ধৰা পেলোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। জি এছ টি খণ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীস...

July 22, 2025 1:21 PM

views 58

অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি-২০২৫ৰ অধিসূচনা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি, ২০২৫ৰ অধিসূচনা জাৰি কৰিছে। থলুৱা কাঁহৰ সামগ্ৰী প্ৰস্তুতকাৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বৰ্তমানৰ কৰ গাঁথনিৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে এই ধন পৰিশোধ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই নতুন ব্যৱস্থা অনুসৰি যোগ্য, খিলঞ্জীয়া, কাঁহৰ সামগ্রী নির্মাতাসকলে অসম জি এছ টি আইন, ২০১৭-ৰ অধীনত ৰাজ্যিক জি এছ টি নগদ ধনৰ ৰূপত ঘূৰাই পাব ।