September 14, 2024 6:49 PM

views 33

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সমূহ ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰদান

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদ আৰু মেট্ৰিক পৰ্যায়ৰ চালকৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ অহা ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা এখন জাননী অনুযায়ী ১৬ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ পৰা অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in আৰু অসম মাধ্যমিক পৰিষদৰ ৱেবছাইট www.site.sebaonline.org ৰ জৰিয়তে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰসমূহ ডাউনল'ড কৰিব পাৰিব। লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগত...

September 12, 2024 12:29 PM

views 32

১৫ ছেপ্তেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ’ব

ৰাজ্যত ১৫ ছেপ্তেম্বৰত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩ হাজাৰৰো অধিক পদৰ বাবে ১১ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কালি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে। পৰীক্ষাৰ সবিশেষ তথ্য দি অধ্যক্ষগৰাকীয়ে কয় যে নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২...

September 11, 2024 6:40 PM

views 53

স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰৰ অসম লোক পৰীক্ষা আইন ২০২৪ গ্রহণ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰী...

September 6, 2024 1:13 PM

views 31

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ কৰিব। সেই অনুসৰি পদসমূহৰ বিপৰীতে সাংস্কৃতিক, ক্রীড়া, এন চি চিৰ দৰে পাঠ্যক্ৰম বহিৰ্ভূত কার্যকলাপৰে জড়িত থকাৰ প্ৰমাণ-পত্ৰৰে শিক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলক আজি পুৱা চাৰে ১১ বজাত কাহিলীপাৰাত অৱস্থিত প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হ'বলগীয়া পৰীক্ষণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। বিয়লি চাৰে ৫ বজালৈ এই নথিপত্...