October 17, 2024 11:25 AM

views 74

আজি কাতি বিহু, ৰাজ্যবাসীলৈ  অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে সেৱা জনাব। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদুলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰিব। ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে আজি কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ সম-জিলা আৰু মহকুমাসমূহত কাতি বিহু পালন কৰা হ'ব। ইয়াৰ লগত...

October 16, 2024 7:49 PM

views 46

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন

কাইলৈ কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি, আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে আশীৰ্বাদ গ্রহণ কৰিব। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰবাসীয়েও কাতি বিহু পালন কৰিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে মহানগৰীত বাস কৰা নৱপ্ৰজন্মক অসমীয়া জাতিৰ চহা জীৱনৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিবলৈ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতি আৰু খাৰঘূলী বিহু সন্মিলনে বিশেষ উদ্যোগ গ্রহণ কৰিছে। সেই উপলক্ষে কাইলৈ খাৰঘূলী বিহুতলিত সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনেৰে বিহুৰ শুভাৰম্ভ কৰা হ'ব আৰু ইয়াত ধাননী পথাৰ, জুপুৰী ঘৰকে...