January 26, 2025 6:43 PM

views 31

ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছেঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কয়, যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত বিভিন্ন বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰাৰ কথাও উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে কয়, যে অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি পাইছে। ৰাজ্যৰ জনমুৰি আয় পূ...