February 16, 2025 6:37 PM

views 30

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ অংশগ্রহণ

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে এই অনুষ্ঠানত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত ৩৫২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৫০ গৰাকী পি এইচ ডি আৰু ৩০ গৰাকী স্বর্ণ পদক লাভ কৰা ছাত্ৰ-ছাত্ৰী আছে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে প্ৰমাণপত্ৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্...