August 1, 2026 1:34 PM

views 20

শেহতীয়া বানত ক্ষতিগ্রস্ত কৃষকসকলক সকাহ প্ৰদানৰ বাবে কঠীয়া দিয়াৰ ব্যৱস্থা

শেহতীয়া বানত ক্ষতিগ্রস্ত কৃষকসকলক সকাহ প্ৰদানৰ বাবে চৰকাৰে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব। শিৱসাগৰত আজি এখন সংবাদমেলত কৃষিমন্ত্রী পীযূষ হাজৰিকাই এই কথা উল্লেখ কৰি কয়, যে বহু অঞ্চল এতিয়াও বানৰ কৱলত আছে আৰু পৰৱৰ্তী কিছুদিনলৈ এই অঞ্চলসমূহৰ পৰা পানী ওলাই নগ'লে ধান খেতি কৰিব পৰা নাযাব। এনে কৃষকসকলক চৰকাৰে ৰবি শস্যৰ বীজ যোগান ধৰিব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।