April 12, 2024 4:55 PM

views 77

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে অসমৰ ৮০ লাখৰো অধিক ভোটদাতা সাজু

অসমত ৮০ লাখৰো অধিক ভোটদাতাৰ উপৰি ৩০০ ভোটদাতা থকা এটা বিশেষ পৰিয়াল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে সাজু হৈ উঠিছে। শোণিতপুৰ সমষ্টিৰ অধীনৰ নেপালী পাম গাঁৱত থকা থাপা পৰিয়ালটোৱে বৃহৎ সংখ্যক ভোটদাতা থকাৰ অনন্য স্বীকৃতি লাভ কৰিছে। পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে ১৯০৬ চনত নেপালী পামত বসতি আৰম্ভ কৰাৰ পাছত তেওঁৰ পৰিয়ালৰ পাছৰ প্ৰজন্মৰ লোকসকলেও একেখন গাঁৱতে বাস কৰিব লৈ আৰম্ভ কৰে।

April 11, 2024 8:34 PM

views 51

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ’ব

প্রথম পৰ্যায়ৰ লোকসভা নির্বাচনলৈ মাজত মাথোঁ ৮টা দিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ'ব। তেওঁ ডিব্ৰুগড় সমষ্টিত দলীয় প্রার্থী মনোজ ধনোৱাৰৰ হৈ তিনিচুকীয়া জিলাৰ টিংৰাইত নির্বাচনী সমাৱেশত অংশ ল'ব। পৰহিলৈ নেতাগৰাকীয়ে শোণিতপুৰ সমষ্টিত দলীয় প্রার্থী ঋষিবাজ কৌন্দিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ ইফালে, অহা সপ্তাহত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্রধ...

April 6, 2024 5:55 PM

views 54

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলা চাহ বাগিচাত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমবেত ৰাইজক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ২৬ বাৰ অসম ভ্রমণে অসমৰ বিভিন্ন পর্যটনক্ষেত্রসমূহ বিশ্...

April 5, 2024 8:11 PM

views 54

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ

♦ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষক উপস্থিত হয়। কৰিমগঞ্জ সংসদীয় সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক আদিত্য কুমাৰ আনন্দ, কৰিমগঞ্জৰ অতিৰিক্ত আৱৰ্ত ভৱনত উপস্থিত হয়। পর্যৱেক্ষকগৰাকীক সাধাৰণ মানুহে প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ সাক্ষাৎ কৰিব পাৰিব পৰ্যৱেক্ষকগৰাকীৰ ফোন নম্বৰ হৈছে, 84720 80023 আৰু ই-মেইল আইডি হৈছে adityak.an...

April 5, 2024 7:55 PM

views 80

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 5, 2024 6:53 PM

views 64

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই পৰ্যায়ত ৫ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শ‍ইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে।

April 5, 2024 6:45 PM

views 61

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংক...

April 5, 2024 6:46 PM

views 88

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষ...

April 5, 2024 1:49 PM

views 79

কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত প্রার্থী কামাখ্যা প্রসাদ তাছাৰ নির্বাচনী প্ৰচাৰ অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ অভিযান তুংগত উঠিছে। কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছাৰ সমৰ্থনত বিজেপি-অগপ-সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকলে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এই প্ৰচাৰ কাৰ্যসূচীক অধিক জনমুখী কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ এপ্ৰিলত বোকাখাটৰ বিহৰাৰ কুঁহিয়াৰবাৰীত এখন নির্বাচনী জনসভা সম্বোধন কৰিব। বোকাখাটত থকা বোকাখাট বিধানসভা সমষ্টিৰ মিত্ৰদলসমূহৰ যুটীয়া নিৰ্বাচনী কাৰ্যালয়ত উপস...

April 5, 2024 12:17 PM

views 104

ৰাজ্যত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে। এই পৰ্যায়ত আউটাৰ মণিপুৰৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ কিছু অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টি কেইটাৰ ভিতৰত কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৭টা, অসম আৰু বিহাৰৰ ৫টাকৈ, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণ...