June 1, 2025 8:50 PM

views 36

সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি দিছপুৰৰ জনতা ভৱনত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শিক্ষকৰ আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ইতিবাচক সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলোচনা কালত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ তৰফৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ বাৰ্ষিক বেতনৰ বাবে নিৰ্ধাৰণ কৰা এবছৰৰ সময়সীমা হ্রাস আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ বাবে দুখন স্মা...