February 16, 2025 12:13 PM

views 26

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত হ'বলগীয়া আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমন্ত্ৰণ জনোৱা হৈছে।