September 21, 2026 2:42 PM
4
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্রিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প পৰিদৰ্শন
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্রিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ড° শৰ্মাই চাংসাৰিৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে আমিনগাঁৱত নির্মীয়মান ২০ হাজাৰ আসন বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট স্টেডিয়ামৰ নিৰ্মাণকাৰ্যৰ অগ্রগতিৰো বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত প্ৰস্তাৱিত কেইবাতৰপীয়া গাড়ী পার্কিঙৰ বাবে নিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰে। স্বাস্থ্য, ক্রী...