June 29, 2025 8:07 PM

views 33

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ কৰিব। পুৱাৰ ভাগত তেওঁ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলিয়া নামঘৰ আৰু আঠখেলিয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়াম উন্মোচন কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্রকল্পও উন্মোচন কৰিব।