July 27, 2026 11:07 AM
6
প্রধানমন্ত্রী আৰু কেন্দ্ৰীয় গৃহমন্ত্রীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কথা পতা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্রিয়া ব্যক্ত কৰি কয়, যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ১৯টা ৰাজহ চক্ৰৰ ১০৪০ খন গাঁও বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বান ক্ষতিগ্রস্ত অঞ্চলসমূহত মন্ত্রী-বিধায়কসকলে উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি থকাৰ উপৰি জিলা প্ৰশাসন, বিভিন্ন সংগঠন, স্বেচ্ছাসেৱক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে সক্রিয়ভাবে সাহায্য অভিযানত অংশ লৈছে। সাহায্য অভিযানৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে ১৪,৪০০ কুইণ্টল চাউল, ২২৩৬ কুইণ্ট...